ঈদুল আজ্বাহাৰ বিশেষ আবেদন

আচ্ছালামু আলাইকুম।
বেৰাদৰানে ইছলাম!
        ছালাম লব।Deen-e-Mubeen Page ৰ ফালৰ পৰা সকলোৰেই প্রতি ঈদুল আজ্বহাৰ শুভেচ্ছা থাকিল। ঈদুল ফিতৰ আৰু ঈদুল আজ্বহাৰ নামায ২,২ ৰাকাত ওৱাজিব। ঠিক তেনে ধৰণে -ছদক্বায়ে ফিতৰ আৰু ক্বুৰবাণীও সামর্থ বানৰ ওপৰত ওৱাজিব।
   সুভাগ্য বান তেৱেই, যাক আল্লাই ক্বুৰবাণী দিয়াৰ ক্ষমতা প্রদান কৰিছে।প্রত্যেক ধর্মতেই নিজৰ নিজৰ নিয়মত ক্বুৰবাণী দিয়াৰ বিধান আছে।ক্বুৰবাণীৰ দিনাখন ক্বুৰবাণীৰ বাহিৰে আল্লাহৰ ওচৰত অইন কোনো পছন্দনীয় ইবাদত নাই।
ক্বুৰবাণীৰ দিনাখনঃ
-------------------------
     (১) "লক ডাউন"ৰ সময়ত চৰকাৰে জাৰি কৰা নির্দেশৰ প্রতি লক্ষ্য ৰাখি ঈদৰ নমায আৰু ক্বুৰবাণী আদায় কৰিব।
   (২)নিৰাপদ ঠাইত ক্বুৰবাণী কৰিব, আৰু জন্তুৰ পেলোনীয়া বস্তু আদি যমীনত পুতি থব।
    (৩)যি কোনো ধর্মীয় কাম কৰিবলৈ যাওতে,আনে যেন কষ্ট নাপায়,তাৰ প্রতি নজৰ ৰাখিব।
     (৪) কোনো অপশক্তিয়ে যাতে শান্তি ভংগ কৰিব নোৱাৰে তাৰ প্রতিও লক্ষ্য ৰাখিব।
      (৫) প্রয়োজন হলে প্রশাসনৰ সহায় লব।
              এই ক্ষেত্রত সকলোৰেই সহযোগিতা কামনা কৰিলো।
              ইতি-
      তাৰিখঃ                               আৰজ মন্দ
            ২‌৯৷৭৷২০ ইং ।   মুছলিম আলী  মাজাহিৰী
                                    (মোবাইল)  9101655658